বিহু কুইজ (Bihu Quiz)
বিহু কুইজঃ এই ব্লগ পোষ্টটোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে বিহু অনুস্থান সমূহত অনুস্থিত কৰা বিহু কুইজ (Bihu Quiz) প্ৰতিযোগিতা অথবা বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত সোধা কিছুমান প্ৰশ্ন-উত্তৰ দিয়া হৈছে । আশা কৰো এই লেখাটোৱে ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰিব ।

১. বিহু কেইটা আৰু কি কি ?
উত্তৰঃ বিহু তিনিটা । ব’হাগ বিহু বা ৰঙালী বিহু , কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু ।
২. ব’হাগ বিহু কেইদিন পালন কৰা হয় ? প্ৰতিটো বিহুৰ নাম কি কি ?
উত্তৰঃ সাত দিন। গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, ঘৰচীয়া জীৱ-জন্তুৰ বিহু আৰু চেৰা বিহু ।
৩. ব’হাগ বিহুৰ প্ৰথম দিনটো কি বিহু হিচাপে পালন কৰা হয় ?
উত্তৰঃ গৰু বিহু ।
৪. ব’হাগ বিহুৰ শেষৰ দিনটো কি বিহু হিচাপে পালন কৰা হয় ?
উত্তৰঃ চেৰা বিহু ।
৫. গৰু বিহুৰ দিনাখন লাও-বেঙেনা ছটিয়াবলৈ ব্যৱহাৰ কৰা বাঁহৰ সঁজুলি ডালৰ নাম কি ?
উত্তৰঃ চাট ।
৬. গৰু বিহুৰ পিছৰ দিনাখন কি বিহু হিচাপে পালন কৰা হয় ?
উত্তৰঃ মানুহ বিহু ।
৭. ডিমাছা সকলে বিহুক কি বুলি কয় ?
উত্তৰঃ ‘বুচু’ বুলি কয় ।
৮. বড়ো সম্প্ৰদায়ৰ লোক সকলে ব’হাগ বিহুক কি বোলে ?
উত্তৰঃ বইছাগু ।
৯. কিমান চনত অসমত প্ৰথমবাৰৰ বাবে মঞ্চবিহু আয়োজন কৰা হৈছিল ?
উত্তৰঃ ১৯৫২ চনত ।
১০. অসমৰ কোন ঠাইত প্ৰথমবাৰৰ বাবে মঞ্চবিহু আয়োজন কৰা হৈছিল ?
উত্তৰঃ গুৱাহাটী বিহুতলী (লতাশিল) ।
১১. অসমত কোনে প্ৰথমে মঞ্চবিহু আয়োজন কৰিছিল ?
উত্তৰঃ ৰাধাগোবিন্দ বৰুৱা।
১২. বিহু সন্মিলন, ব’হাগী বিদায় আদি আৰম্ভ কৰাৰ পূৰ্বে উত্তোলন কৰা ‘বিহু পতাকা’ খনৰ আৰ্হি কোনে প্ৰস্তুত কৰিছিল ?
উত্তৰঃ চলচ্চিত্ৰ পৰিচালক নিপ বৰুৱাই।
১৩. বিহু সংযোজিত প্ৰথমখন অসমীয়া ছবিৰ নাম কি ?
উত্তৰঃ স্মৃতিৰ পৰশ।
১৪. বিহুৱা ডেকাই বিহু মাৰোতে পিন্ধা চোলাটোৰ নাম কি ?
উত্তৰঃ চাপকন।
১৫. জাপি কিহিৰে তৈয়াৰ কৰা হয় ?
উত্তৰঃ বাঁহ আৰু টকৌ গছৰ পাতেৰে।
১৬. পেঁপাৰ যিটো অংশত ফু দি বজোৱা হয়, সেই অংশটোৰ নাম কি ?
উত্তৰঃ চুপহি।
১৭. মুখেৰে ফু দি বজোৱা কোইবিধমান বাদ্যযন্ত্ৰৰ নাম কোৱা ?
উত্তৰঃ পেঁপা, বাঁহী, সুতুলি, শংখ ইত্যাদি।
১৮. ‘সুতুলি’ কি ? ইয়াক কিহেৰে সজা হয় ? সুতুলিত কেইটা বিন্ধা থাকে?
উত্তৰঃ সুতুলি হৈছে মুখেৰে ফু দি বজোৱা এবিধ বাদ্যযন্ত্ৰ, ইয়াক মাটিৰে সজা হয়। সুতুলিত তিনিটা বিন্ধা থাকে ।
১৯. ৰঙালী বিহুৰ পতাকা উত্তলোক গীত ‘শ্ৰীময়ী অসমী’ শীৰ্ষক গীতটিৰ ৰচক কোন ?
উত্তৰঃ পৰুষোত্তম দাস ।
২০.কি ফুলে ৰঙালী বিহুক আদৰণী জনায় আৰু কি ফুলে ৰঙালী বিহুক বিদায় দিয়ে ?
উত্তৰঃ কপৌ ফুলে ৰঙালী বিহুক আদৰণী জনায় আৰু এজাৰ ফুলে বিদায় দিয়ে ।
২১. ঢোলৰ যাদুকৰ বুলি কাক জনা যায় ?
উত্তৰঃ মঘাই ওজা।
২২. মহৰ শিঙৰ পেঁপা কেই প্ৰকাৰৰ ?
উত্তৰঃ মহৰ শিঙৰ পেঁপা দুই প্ৰকাৰৰ। যুৰীয়া পেঁপা আৰু গুটীয়া পেঁপা ।
২৩. বিহুক জাতীয় উৎসৱৰ মৰ্যদা প্ৰদান কৰা প্ৰথমজন আহোম ৰজা কোন আছিল ?
উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহ।
২৪. মুকুলি বিহুৰ প্ৰথম বাদ্য কি ?
উত্তৰঃ হাত চাপৰি।
২৫. গৰু বিহুৰ দিনাখন নাহৰ পাতত লিখি দুৱাৰমূখত বা ঘৰৰ মূধচত গুঁজি থোৱা মন্ত্ৰটো কি ?
উত্তৰঃ দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জঁটাধৰ,
বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে ।।
২৬. ঢোলৰ মাৰিডালক কি বুলি কোৱা হয় ?
উত্তৰঃ মাহিতা ।
২৭. ব’হাগ বিহুত বিহুৱতীয়ে ওঠত লগোৱা ৰং বিধৰ নাম কি ?
উত্তৰঃ বৰহমথুৰি।
২৮. গগনা কেই প্ৰকাৰৰ ?
উত্তৰঃ গগনা দুই প্ৰকাৰৰ। লাহৰী গগনা আৰু ৰামধন গগনা ।
২৯. বড়ো-কছাৰীসকলে বাঁহীক কি বুলি কয় ?
উত্তৰঃ চিফুং ।
৩০. বিহু নাচনী সকলে বন্ধা খোপা বিধৰ নাম কি ?
উত্তৰঃ নেঘেৰি খোপা ।
৩১. ঢোলৰ খোলটো কি গছেৰে তৈয়াৰী ?
উত্তৰঃ কঁঠাল গছ ।
৩২. বিহু নাচোতে মহিলা সকলে বজোৱা গগনা বিধৰ নাম কি ?
উত্তৰঃ লাহৰী গগনা ।
৩৩.মানুহ বিহুৰ দিনটো নামনি অসমত আন কি নামেৰে জনা যায় ?
উত্তৰঃ বৰ দোমাহী ।
To know more about Bihu(বিহু) visit: https://en.wikipedia.org/wiki/Bihu