Number System Class 9 Assamese Medium Excercise 1.1
SEBA Class 9 Maths Exercise 1.1 Solutions:
Understanding the Number System is crucial for building a strong foundation in mathematics. To help students of Class 9 Assamese Medium, we have provided step-by-step solutions for Exercise 1.1 (SEBA Class 9 Maths Exercise 1.1). These solutions will not only help you grasp the concepts easily but also improve your problem-solving skills.
We aim to make learning simple and effective, ensuring that you gain confidence in this topic. If you have any doubts or need further clarification, feel free to visit our Doubt Section and ask your questions. Our team is always ready to assist you in your learning journey.

Important Notes: SEBA Class 9 Maths Exercise 1.1
(I) স্বাভাৱিক সংখ্যা (Natural Number): গণনা কৰিবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বোলে। স্বাভাৱিক সংখ্যাৰ সংহতিটোক N ৰে সূচীত কৰা হয় ।
N : {1, 2, 3, 4, 5, 6, 7,…………..}
(II) পূৰ্ণ সংখ্যা (Whole Number): শূন্য আৰু স্বাভাৱিক সংখ্যাবোৰক একেলগে পূৰ্ণ সংখ্যা বোলে । পূৰ্ণ সংখ্যাৰ সংহতিটোক W ৰে সূচীত কৰা হয় ।
W: {0, 1, 2, 3, 4, 5, ……………….}
(III) অখণ্ড সংখ্যা (Integers): শূন্য, স্বাভাৱিক সংখ্যা আৰু স্বাভাৱিক সংখ্যাবোৰৰ যোগাত্মক বিপৰীত সংখ্যাবোৰেৰে অখণ্ড সংখ্যা গঠিত হয় । অখণ্ড সংখ্যাৰ সংহতিটোক Z ৰে সূচীত কৰা হয় । ‘Z’ প্ৰতীকটো জাৰ্মান শব্দ Zahlen ৰ পৰা লোৱা হৈছে, ইয়াৰ অৰ্থ হ’ল গণনা কৰা ।
Z: {…., -4, -3, -2, -1, 0, 1, 2, 3, 4,….}
* ধনাত্মক অখণ্ড সংখ্যা : {1, 2, 3, 4, 5,……}
*ঋনাত্মক অখণ্ড সংখ্যা : {-1, -2, -3, -4, -5,…}
*শূন্যটো ‘0’ ধনাত্মকো নহয় আৰু ঋনাত্মকো নহয়।
(IV) পৰিমেয় সংখ্যা (Rational Numbers): যিবোৰ সংখ্যাক \(\frac{p}{q} \) আৰ্হিত প্ৰকাশ কৰিব পাৰি য’ত p, q অখণ্ড সংখ্যা আৰু q ≠ 0; সেই সংখ্যাবোৰক পৰিমেয় সংখ্যা বোলে। পৰিমেয় সংখ্যাৰ সংহতিটোক Q ৰে সূচীত কৰা হয়।
** পৰিমেয় সংখ্যাৰ সংহতিটোত স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা আৰু ভগ্নাংশ আৰ্হিৰ সংখ্যাবোৰ অন্তৰ্গত ।
** যিকোনো দুটা প্ৰদত্ত পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে ।
Number System Class 9 Assamese Medium Solutions :
- সংখ্যা প্ৰণালী নৱম শ্ৰেণী অনুশীলনী 1.1
- সংখ্যা প্ৰণালী নৱম শ্ৰেণী অনুশীলনী 1.2
- সংখ্যা প্ৰণালী নৱম শ্ৰেণী অনুশীলনী 1.3
- সংখ্যা প্ৰণালী নৱম শ্ৰেণী অনুশীলনী 1.4
- সংখ্যা প্ৰণালী নৱম শ্ৰেণী অনুশীলনী 1.5
- সংখ্যা প্ৰণালী নৱম শ্ৰেণী অনুশীলনী 1.6
- Multiple Choice Questions (MCQ)
SEBA Class 9 Maths Exercise 1.1 Solutions Assamese Medium:
সংখ্যা প্ৰণালী নৱম শ্ৰেণী অনুশীলনী 1.1 সমাধান:
SEBA Class 9 Maths Exercise 1.1 Q1.
শূন্যটো পৰিমেয় সংখ্যা হয়নে ? ইয়াক \(\frac{p}{q} \) আৰ্হিত (ইয়াত p, q অখণ্ড সংখ্যা আৰু q ≠ 0) প্ৰকাশ কৰিব পাৰিনে ?
সমাধান: শূন্যটো পৰিমেয় সংখ্যা হয় । ইয়াক \(\frac{p}{q} \) আৰ্হিত প্ৰকাশ কৰিব পাৰি য’ত q ≠ 0 । যেনেঃ \(0 = \frac{0}{1} = \frac{0}{2} = \frac{ \; 0}{-5} \) ইত্যাদি ।
SEBA Class 9 Maths Exercise 1.1 Q2.
3 আৰু 4 ৰ মাজত থকা ছটা পৰিমেয় সংখ্যা উলিওৱা ।
সমাধানঃ
3 আৰু 4 ক \(\frac{p}{q} \) আৰ্হিত প্ৰকাশ কৰা হ’ল যাতে q = 6 + 1= 7 হয় ।
\(3 = \frac{21}{7} \) আৰু \(4 = \frac{28}{7} \)
∴ 3 আৰু 4 ৰ মাজত থকা ছটা পৰিমেয় সংখ্যা হ’ল- \(\frac{22}{7} \) , \(\frac{23}{7} \), \(\frac{24}{7} \), \(\frac{25}{7} \), \(\frac{26}{7} \), \(\frac{27}{7} \).
SEBA Class 9 Maths Exercise 1.1 Q3.
\(\frac{3}{5} \) আৰু \(\frac{4}{5} \) ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিওৱা ।
সমাধানঃ
যিহেতু 5 টা পৰিমেয় সংখ্যা উলিওৱাব লাগে গতিকে লব আৰু হৰ উভয়তে 5 + 1 = 6 ৰে পূৰণ কৰি পাওঁ-
\(\frac{3}{5} = \) \(\frac{3 × 6}{5 × 6} \)
\(= \frac{18}{30} \)
\(\frac{4}{5} = \) \(\frac{4 × 6}{5 × 6} \)
\(= \frac{24}{30} \)
∴ \(\frac{3}{5} \) আৰু \(\frac{4}{5} \) ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হ’ল- \(\frac{19}{30} \), \(\frac{20}{30} \), \(\frac{21}{30} \), \(\frac{22}{30} \), \(\frac{23}{30} \).
SEBA Class 9 Maths Exercise 1.1 Q4.
তলৰ উক্তিসমূহ সঁচানে মিছা লিখা। উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা ।
(i) প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা ।
\(⇒ \) সত্য , কাৰণ পূৰ্ণ সংখ্যাৰ থূপটো স্বাভাৱিক সংখ্যা আৰু ‘0’ ৰে গঠিত ।
(ii) প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা ।
\(⇒ \) অসত্য , কাৰণ ঋণাত্মক অখণ্ড সংখ্যাবোৰ পূৰ্ণসংখ্যা নহয় ।
(iii) প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা ।
\(⇒ \) অসত্য , কাৰণ \(\frac{1}{2} , \frac{2}{3}, \frac{3}{4} \) ইত্যাদি সংখ্যাবোৰ পৰিমেয় কিন্তু পূৰ্ণসংখ্যা নহয় ।
Related Topics
- পুণৰালোচনা R-1
- পুণৰালোচনা R-2
- বহুপদ
- স্থানাংক জ্যামিতি
- দুটা চলকযুক্ত ৰৈখিক সমীকৰণ